কৰিমগঞ্জ আৰক্ষীৰ সফল অভিযানত ১৯টা চাবোনৰ বাকচৰ পৰা ২ কোটি টকাৰ মূল্যৰ ২৬০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।গোপন সূত্ৰৰ তথ্য অনুসৰি কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এটা দলে পাথাৰকান্দি সমষ্টিৰ কেওটি গাঁৱত চলোৱা এই অভিযানত আব্দুল ছালিক (৩০), আব্দুল ফাতেহ (৩২) আৰু ছাহাজাহান উদ্দিন (২৪) নামে তিনি সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আব্দুল ফাতেহৰ বাসগৃহৰ গোশালাত লুকাই ৰখা হৈছিল এই ড্ৰাগছখিনি। আব্দুল ফাতেহ প্ৰায়ে মিজোৰামৰ কেওটি অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰিছিল। এই অভিযানৰ পৰৱৰ্তী অনুসন্ধান চলি আছে।