আলফা(স্বা) দুই সদস্যক মৃত্যুদণ্ড।চোৰাংচোৱা আৰু সতীৰ্থক আত্মসমৰ্পণৰ ষড়যন্ত্ৰমূলক প্ৰচেষ্টা চলোৱা গুৰুত্বৰ অপৰাধত সশস্ত্ৰ সংগঠনটোৱে মৃত্যুদণ্ড দিয়ে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম, ধনজিৎ দাস ওৰফে ৰূপক অসম।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আৰক্ষী শীর্ষ বিষয়া পাৰ্থ সাৰথি মহন্তই আলফা(স্বা)লৈ সঞ্জীৱ শৰ্মাক গুপ্তচৰ হিচাপে প্ৰেৰণ কৰা বুলি ভিডি’অ যোগে স্বীকাৰ কৰিছিল।আৰক্ষী বিষয়া গৰাকী উপৰিও সেনা বিষয়া আৰু বহুকেইজন ব্যক্তি নাম লৈছিল তেওঁ।
গুৰুত্বপূৰ্ণ কথা সঞ্জীৱ শৰ্মা ঘৰ আছিল বাইহাটা চাৰি আলি মুক্তাপুৰত।একাংশ পুলিচ বিষয়া নির্দেশত ধনৰ লালসাত সংগঠনত যোগদানে সংগঠনৰ আভ্যন্তৰীন যোগাযোগ ব্যৱস্থা চিনাক্ত কৰা অপৰাধ কৰা বুলিও আলফা(স্বা) সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।আনহাতে মৃত্যুদণ্ডৰে দণ্ডিত আন গৰাকী হৈছে ধনজিৎ দাসৰ ঘৰ বৰপেটা টাউনত।