
হাৰিয়ানাৰ এটি টোল প্লাজাৰ পৰা খালিস্তানি সন্ত্ৰাসবাদী সন্দেহত চাৰিজনক গ্রেপ্তাৰ আৰক্ষীৰ। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে প্রচুৰ পৰিমাণৰ আগ্নেয়াস্ত্র আৰু বিস্ফোৰক। সেইবোৰ মহাৰাষ্ট্রৰ নান্দেদ আৰু তেলেঙ্গনাৰ আদিলাবাদত দিবলৈ গৈছিল তেওঁলোক।
চাৰিজনৰ ভিতৰত মূল অভিযুক্ত গুৰপ্রীতে ইয়াৰ আগতেও জে’ল খাটিছে। জে’লতেই তেওঁৰ সৈতে আলোচনা হয় ৰাজবীৰ নামৰ এজন ব্যক্তিৰ সৈতে। যাৰ সৈতে পাকিস্তানৰ যোগাযোগ থকা বুলি জনাইছে আৰক্ষীয়ে।
আৰক্ষী সূত্র মতে, এই চাৰিজনৰ কাম আছিল দেশৰ বিভিন্ন স্থানত অস্ত্র-শস্ত্র, বিস্ফোৰক যোগান ধৰা। তেওঁলোকৰ প্রত্যেকৰে পাক গুপ্তচৰ সংস্থা আইএছআইৰ সৈতে যোগাযোগ আছে। বৃহস্পতিবাৰে পুৱতি নিশা ৪ বজাত কার্নালৰ বাস্তাৰাৰ টোল প্লাজাত ধৰা হয় তেওঁলোকক।
এখন বগা এছইউভিত (টয়োটা ইনোভা) উঠি দিল্লীৰ দিশে গৈ আছিল। বাকী তিনিজনৰ নাম ভুপিন্দৰ, অমনদীপ আৰু পৰমিন্দৰ বুলি জানিব পৰা গৈছে। তেওঁলোক প্রত্যেকেই পঞ্জাবৰ বাসিন্দা।












