![]()
এতিয়াই নতুন দল গঠন নকৰে প্ৰশান্ত কিশোৰে। ইয়াৰ পৰিৱৰ্তে বিহাৰবাসীৰ অধিক ওচৰ চাপিবলৈ চেষ্টা কৰিব বিচাৰে। ‘নতুন চিন্তা, নতুন প্রয়াস’ আনিবলৈ ৩ হাজাৰ কিলোমিটাৰ পদযাত্রা কৰিব তেওঁ। উল্লেখ্য, ইতিমধ্যে চৰ্চা চলি আছিল যে প্ৰশান্ত কিশোৰে নতুন ৰাজনৈতিক দল গঠন কৰিব৷ কিন্তু বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি প্রশান্ত কিশোৰে জনালে, এতিয়াই নতুন দল গঠন নকৰে তেওঁ৷ তাৰ পৰিবৰ্তে ২ অক্টোবৰৰ পৰা সমগ্ৰ বিহাৰজুৰি ৩০০০ কিলোমিটাৰ পথত পদযাত্রা কৰা হ’ব। যিমান পাৰি সিমান মানুহৰ ওচৰ চাপিব, কথা পাতিব। জানিব বিহাৰ সন্দৰ্ভত তেওঁলোকৰ মতামত। কিন্তু কিয় হঠাৎ দল গঠনৰ সিদ্ধান্তৰ পৰা আঁতৰিল নিৰ্বাচন কৌশলী পিকে? জনালে, বিহাৰত সম্প্ৰতি কোনো নিৰ্বাচন নাই। সেয়ে এই মুহূর্তত কোনো দল গঠন নকৰে।

তেওঁৰ মতে, ‘মই শূন্যৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ। ‘জন সুৰজ (ভাল প্রশাসন)— এই চিন্তা লৈ আগন্তুক তিনি–চাৰি বছৰ মই মানুহৰ ওচৰলৈ যাব বিচাৰোঁ।’ লগতে ইয়াকো স্পষ্ট কৰিলে, বিহাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে হাত নিমিলায়। তেওঁ এনে মানুহক এটা ছাতিৰ তললৈ আনিব বিচাৰে, যিসকলে বিহাৰত পৰিবর্তন বিচাৰে। বিগত কেইটামান মাহত বিহাৰত ১৭ হাজাৰ মানুহৰ সৈতে কথা পাতিছে। তেওঁলোকৰ ভিতৰত ৯০ শতাংশই বিশ্বাস কৰে, বিহাৰত নতুন চিন্তাৰ প্ৰয়োজন।













