![]()
জম্মু-কাশ্মীৰৰ পাক সীমান্তৰ ওচৰত গোপন সুৰঙ্গৰ সন্ধান লাভ বিএছএফৰ। প্রাথমিক অনুমান, জম্মুৰ চাম্বাৰৰ উক্ত সুৰঙ্গেৰে ভাৰতত অনুপ্রবেশ কৰিয়েই পাক সন্ত্ৰাসবাদী গোট জইশ-ই-মহম্মদৰ দুই সন্ত্ৰাসবাদীয়ে যোৱা মাহত আক্ৰমণ চলাইছিল।
বিএছএফ সূত্রৰ খবৰ মতে, বৃহস্পতিবাৰে পুৱতি নিশা সীমান্তত টহলৰত জোৱানসকলে সুৰঙ্গটি চিনাক্ত কৰে।
উল্লেখ্য, যোৱা বছৰৰ জানুৱাৰী মাহত জম্মুৰ কঠুৱা জিলাৰ হীৰানগৰ ছেক্টৰত দুটি সুৰঙ্গ চিনাক্ত কৰিছিল বিএছএফে। প্রায় ১৬ মাহ পিছত পুনৰ সীমান্তত পোৱা গ’ল সন্ত্ৰাসবাদী অনুপ্রবেশৰ ভূগর্ভস্থ পথ। ২০২০ৰ নৱেম্বৰত চাম্বাত পাক সীমান্তৰ ওচৰত প্রায় ১৫০ মিটাৰ দীঘল এক সুৰঙ্গৰ সন্ধান পাইছিল বিএছএফ জোৱানসকলে।
বিগত ২২ এপ্রিলৰ পুৱা জম্মুৰ সুঞ্জৱাত চিআইএছএফ জোৱানৰ বাছত গ্রেনেড আক্ৰমণ চলাইছিল দুই জইশ সন্ত্ৰাসবাদীয়ে। পিছত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত দুয়ো নিহত হয়। চাম্বাৰ উক্ত সুৰঙ্গ পথেৰেই তেওঁলোক পাক পঞ্জাবৰ পৰা ভাৰতত সোমাইছিল বুলি দাবী কৰিছে বিএছএফৰ এজন বিষয়াই।











