![]()
মঙলবাৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা চমুকৈ এমএনএছ প্রধান ৰাজ থাকৰেই সাৱধানবাণী শুনাইছিল, বুধবাৰৰ ভিতৰত মছজিদবোৰৰ পৰা লাউডস্পিকাৰ আঁতৰাই নিনিলে মছজিদৰ সন্মুখত হনুমান চালিছা পাঠ কৰা হ’ব। তেওঁৰ এই ভাবুকিৰ পিছতেই ৰাজ থাকৰেৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে। এমএনএছ প্রধানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১১৬ আৰু ১১৭ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

ইফালে মঙলবাৰেই মহাৰাষ্ট্র আৰক্ষীৰ সঞ্চালক প্ৰধান ৰাজনীশ শেঠে ঔৰাঙ্গাবাদ আৰক্ষী আয়ুক্তক ৰাজ থাকৰেৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়ে। তাৰ পিছতেই এমএনএছ প্রধানৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰক্ষীয়ে।













