![]()
সোমবাৰে পুৱা জার্মানীৰ ৰাজধানী বার্লিনত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী। তিনি দিনৰ এই ইউৰোপ ভ্ৰমণত জার্মানীৰ উপৰি ডেনমার্ক আৰু ফ্রান্সলৈও যাব তেওঁ। বিমানবন্দৰত তেওঁক স্বাগতম জনাবলৈ চৰকাৰী বিষয়াসকলৰ লগতে উপস্থিত আছিল প্রবাসী ভাৰতীয়সকল।
বার্লিন-ব্র্যান্ডেনবার্গ বিমানবন্দৰত এখন হোটেলত তেওঁ প্রবাসী ভাৰতীয়সকলৰ সৈতে সাক্ষাৎ কৰে। ‘বন্দে মাতৰম’ আৰু ‘ভাৰতমাতা কি জয়’ শ্লোগান দি তেওঁক স্বাগতম জনায় ভাৰতীয়সকলে।

হোটেলত উপস্থিত শিশুসকলৰ সৈতেও পৃথক আলোচনা কৰে মোদীয়ে। এটি সৰু কন্যা শিশুই তেওঁক নিজে আঁকা ছবি উপহাৰ দিয়ে।
ইয়াৰ পিছত আঠ বছৰীয়া এটি শিশুই তেওঁক দেশপ্ৰেমমূলক গান শুনায়। প্রধানমন্ত্রীয়ে উক্ত গানৰ সৈতে তাল মিলাই থাকে। গানৰ শেষত হাত চাপৰি বজাই তেওঁৰ পিঠিত চপৰিয়াই দিয়ে মোদীয়ে।












