বিগত ৬ বছৰত ইমান তীব্ৰ গৰম পৰা নাই মহাৰাষ্ট্রত। মার্চ মাহৰ শেষৰ পৰাই তাপ প্রবাহে পুৰিছে সমগ্র মহারাষ্ট্র। চলতি বছৰতেই ‘হিট স্ট্রোক’ত মহাৰাষ্ট্রত মৃত্যু হৈছে ২৫ জনৰ। এই পৰিস্থিতিৰ পৰা ৰেহাই পোৱাৰ এই পর্যন্ত কোনো আশা দেখা নাই বতৰ বিজ্ঞান বিভাগে।
কেৱল মহাৰাষ্ট্রই নহয়, পশ্চিম আৰু উত্তৰ ভাৰতৰ তাপমাত্রা ৪৬ ডিগ্রি ছেলচিয়াছৰ আশেপাশে। এই পৰিস্থিতিত দেশৰ সকলো ৰাজ্যৰ মুখ্যসচিবলৈ পত্ৰ প্ৰেৰণ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ।
তীব্র গৰমৰ পৰা ৰেহাই পাবলৈ কি কি কৰণীয়, সেই সংক্রান্ত উপদেশ দিছে সকলো ৰাজ্যকে। স্বাস্থ্য কেন্দ্রবোৰত পর্যাপ্ত পৰিমাণে মেডিকেল বিষয়া আৰু স্বাস্থ্যকর্মীৰ উপস্থিতিৰ লগতে প্রয়োজনীয় ঔষধ আৰু খোৱাপানীৰ ব্যৱস্থা ৰখাৰ পৰামর্শ দিয়া হৈছে। হিট স্ট্রোকৰ উপসর্গ দেখা দিলেই স্বাস্থ্য কেন্দ্রত চিকিৎসাধীন হোৱাৰ পৰামর্শ দিয়া হৈছে।
জনসাধাৰণক দিনৰ ১২টাৰ পৰা দুপৰীয়া ৩টাৰ ভিতৰত প্রয়োজন অবিহনে বাহিৰলৈ নোলাবলৈ কোৱা হৈছে। খালি ভৰিৰে এই সময়ত কোনো কাৰণতেই ৰাস্তাত ওলাবলৈ নিষেধ কৰা হৈছে। ৰন্ধা কাম দুপৰীয়াৰ আগতেই শেষ কৰক। সঘনাই পানী খাব লাগিব। পাতল সূতাৰ পোছাক পিন্ধাৰ পৰামর্শ দিয়া হৈছে।
প্রচণ্ড গৰমৰ সময়ত চাহ, কফি, মদ, কার্বোনেটেড ছফট ড্রিঙ্ক এৰাই চলাই ভাল। প্রয়োজনত ঘৰতে প্ৰস্তুত কোনো পানীয় যেনে নেমুৰ পানী, বাটাৰ মিল্ক, লাচি বা যিকোনো ফলৰ ৰস খাব পাৰে। বতৰৰ ফল আৰু পাচলি বেছিকৈ খাব লাগিব।