![]()
আইপিএলৰ মাজপথতেই নাটকীয় পৰিৱৰ্তন চেন্নাই ছুপাৰ কিংছত। ব্যর্থতাৰ দায়িত্ব লৈ নেতৃত্ব এৰিলে ৰবীন্দ্র জাডেজাই। দায়িত্ব দিয়া হ’ল পুনৰ মহেন্দ্র সিং ধোনিকেই। শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ তৰফৰ পৰা নেট মাধ্যমত পোষ্ট কৰি এই সিদ্ধান্ত জনোৱা হৈছে।

এই চিজনৰ আৰম্ভণিৰ কেইদিনমান আগতে হঠাৎ নেতৃত্বৰ পৰা আঁতৰিছিল ধোনি। অধিনায়কত্বৰ দায়িত্ব তুলি দিয়া হৈছিল জাডেজাৰ হাতত। কিন্তু দায়িত্ব লৈ হতাশ কৰে জাডেজাই। এইবাৰ এখনৰ পিছত আনখনত ব্যর্থতাৰ সম্মুখীন হৈছে চেন্নাই। এই পর্যন্ত আঠখন মেচ খেলি মাত্র দুখনত জয়ী হৈছে। চাৰি পইন্ট লৈ তালিকাত আছে নৱম স্থানত। দশম স্থানত মুম্বাই।













