![]()
২০০ কোটি টকা আর্থিক প্রতাৰণা গোচৰত মূল অভিযুক্ত সুকেশ চন্দ্রশেখৰৰ সৈতে সম্পর্কৰ কথা আগতেই স্বীকাৰ কৰিছিল অভিনেত্রী জেকলিন ফার্নান্ডেজে। সুকেশ কাৰাবন্দী হৈ থকা অৱস্থাত জেকলিনৰ সৈতে তেওঁৰ ঘনিষ্ঠ মুহূর্তৰ বহু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ যায়। তাৰ পিছতেই বাৰে বাৰে ইডিয়ে তলব কৰে জেকলিনক। কিন্তু একাধিকবাৰ এৰাই যোৱাৰ পিছত ইডিৰ কার্যালয়ত উপস্থিত হয় অভিনেত্রীগৰাকী। তাতেই সুকেশে দিয়া কোটি কোটি টকাৰ উপহাৰৰ কথা স্বীকাৰ কৰে তেওঁ।

তদন্তৰ পিছত ইডিৰ পৰা জানিব পৰা গৈছে, দুৰ্নীতিৰ টকাৰেই জেকলিনৰ মন পাবলৈ ব্যাকুল হৈ উঠিছিল সুকেশ। দুৰ্নীতিৰ ২০০ কোটি টকাৰ পৰা কোটি টকাৰ উপহাৰ জেকলিন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক দিয়ে তেওঁ। ইয়াৰে ভিতৰত ৭.১২ কোটি টকা জেকলিনৰ নামত ফিক্সড ডিপজিট আৰু ১৫ লক্ষ টকা এজন চিত্র নাট্যকাৰক জেকলিনৰ হৈ সুকেশে দিছিল বুলি সূত্রৰ খবৰ।
ইডিৰ দাবী, ২০০ কোটি টকা চুৰিৰ পিছতেই তাৰ পৰা ৫.৭১ কোটিৰ সম্পদ জেকলিনক উপহাৰ দিছিল সুকেশে। তাৰ উপৰি জেকলিনৰ পৰিয়ালৰ বাবে ১,৭৩,০০০ মার্কিন ডলাৰ খৰচ কৰিছে সুকেশে। ইয়াৰ উপৰি দামী গাড়ী, ৯ লক্ষৰ মেকুৰী, ৫২ লক্ষৰ ঘোঁৰা, দামী পাথৰৰ গহনাও জেকলিনক উপহাৰ দিছিল সুকেশে।













