![]()
পশ্চিম কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামছাই কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা দলক আকোঁৱালি লোৱাৰ পিছতে পশ্চিম কাৰবি আংলঙত কংগ্ৰেছ আৰু বিৰোধী আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক কাৰ্বি আংলং স্বাযত্বশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত আঞ্চলিক দল এএচডিচি আৰু কংগ্ৰেছে যৌথভাৱে বিজেপিৰ বিৰোদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব, আৰু সেই কথা আজি জিলাখনৰ খেৰণিস্থিত মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত এক যুটীয়া সংবাদ মেলত আনুষ্ঠানিকভাৱে ঘোষণা কৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰেণছিং বে আৰু এএচডিচিৰ কেন্দ্ৰীয় সমিতিৰ সাঃ সম্পাদক ছাৰছিং ইংলেঙে ৷
ইপিনে, ২৮ এপ্ৰিলত কাৰ্বি ভূমিৰ লৰিং থেপিত অনুষ্ঠিত হৈ যোৱা প্ৰধান মন্ত্ৰীৰ বিশাল জনসভাত যিদৰে জনগণৰ আশা-আকাংশা কথা প্ৰতিফলিত হ’ব লাগিছিল, সেয়া নহই বৰং কাৰ্বি ভূমিলৈ ইয়াৰ বিৰূপ প্ৰভাৱ পৰাহে পৰিলক্ষিত হ’ল বুলি কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷ লগতে এএচডিচিৰ কেন্দ্ৰ সমিতিৰ সাঃ সম্পাদকগৰাকীয়ে কাৰ্বি আংলংবাসীৰ ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰা বলবৎ কৰা, পাহাৰীয়া জিলা দুখনৰ চাৰি সীমা সুৰক্ষা প্ৰদানকে ধৰি মুঠ ৪টা বৃহৎ স্বাৰ্থ আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ আৰু এএচডিচি ৰাজনৈতিক দলে একত্ৰিত হোৱা আৰু বিজেপিক পৰাভূত অৰ্থাৎ পৰাজিত কৰাৰ লক্ষ্য বুলি সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে ৷












