![]()
ঘোচ লৈ থকা সময়ত হাতে-লোতে ধৰা পৰিল খাদ্য সুৰক্ষা বিষয়া বিৰিঞ্চি কুমাৰ কাৰ্জি। যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানত ধৰা পৰে বিষয়াজন।
বিষয়াজনে খাদ্য সুৰক্ষাৰ অনুজ্ঞা পত্ৰৰ নামত এজন ব্যৱসায়ীৰ পৰা ১ লাখ টকা দাবী কৰিছিল আৰু কিস্তি হিচাপে ১০ হাজাৰ টকা দিওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ বিষয়াজনক।












