![]()
ৰাজধানী বা শতাব্দীৰ দৰে ৰে’লত ইফতাৰৰ বন্দোবস্ত কৰা হৈছে। যাত্রীসকলে ৰোজা ৰাখিলে তেওঁলোকৰ বাবে ৰে’লতেই ইফতাৰৰ ব্যৱস্থা কৰা হৈছে। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজম কর্পোৰেচনে (আইআৰচিটিচি) যাত্রীসকলৰ বাবে এই সুবিধাৰ ব্যৱস্থা কৰিছে।
ৰে’লত বহি খাদ্যৰ লগতে ৰোজা ভঙাৰ উপকৰণ পোৱাত যাত্রীসকলৰ বহুতেই অভিভূত। ৰে’ল সূত্রে জানিব পৰা মতে, এইবাৰেই প্রথম এনে ধৰণৰ উদ্যোগ লৈছে ভাৰতীয় ৰে’লত। প্রথমবাৰেই যাত্রীসকলৰ মন জয় কৰিছে। ভবিষ্যতে অন্যান্য ৰে’লতো ইফতাৰৰ বন্দোবস্ত কৰাৰ কথা ভাবিছে ৰে’ল বিভাগে।













