![]()
ইমান উত্তপ্ত গ্রীষ্ম পূৰ্বতে দেখা নাই দেশে। এই কথা স্বীকাৰ বতৰ বিজ্ঞান বিভাগৰেই। উত্তৰ–পশ্চিম ভাৰতত বিগত ১২২ বছৰত গড় সর্বোচ্চ তাপমাত্রা ইমান বঢ়া নাই।
২০০৪ চনত ৰেকর্ড হৈছিল অন্তিমবাৰ। তেতিয়া গড় সর্বোচ্চ তাপমাত্রা আছিল ৩০.৬৭ ডিগ্রি ছেলচিয়াছ। এইবাৰ সেই ৰেকৰ্ড ভংগ হ’ল। পাঁচ ৰাজ্যত তাপ প্রবাহৰ সতর্কতা জাৰি কৰা হৈছে। দেশৰ বহু অংশত সর্বোচ্চ তাপমাত্রা পাৰ কৰিলে ৪৫ ডিগ্রি ছেলচিয়াছ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, আগন্তুক পাঁচ দিনত দেশৰ বৃহৎ অংশত তাপ প্রবাহ হ’ব। পৰৱৰ্তী তিনি দিন উত্তৰ–পশ্চিমাঞ্চলৰ বেছিভাগ স্থানত সর্বোচ্চ তাপমাত্রা দু’ই ডিগ্রি ছেলচিয়াছ বাঢ়িব। তাৰ পিছত সর্বোচ্চ তাপমাত্রা দু’ই ডিগ্রি ছেলচিয়াছ কমিব।
উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লী, ৰাজস্থান, ওডিশাত তাপ প্রবাহৰ সতর্কতা জাৰি কৰা হৈছে। এই ৰাজ্যকেইখনৰ বহু স্থানত সর্বোচ্চ তাপমাত্রা ৪৫ ডিগ্রি ছেলচিয়াছ অতিক্ৰম কৰিব।













