![]()
কংগ্রেছত যোগদানৰ প্রস্তাব নাকচ কৰিলে নিৰ্বাচন কৌশলী প্রশান্ত কিশোৰে। এই মাহত ছোনিয়া গান্ধীসহ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ সৈতে সঘনাই মিলিত হোৱাত পিকে যোগ দিয়াৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছিল।

কিন্তু আজি টুইট কৰি তেওঁ জনাই দিলে, ‘কংগ্রেছত যোগদানৰ উদাৰ প্রস্তাব আৰু নির্বাচনৰ দায়িত্ব মই প্রত্যাখ্যান কৰিলো। মোৰ বিনীত মতামত এই যে, পৰিবর্তনকামী সংস্কাৰৰ জৰিয়তে দলৰ গভীৰত নিহিত সমস্যাৰ সমাধানত মোতকৈও দলৰ প্রয়োজন নেতৃত্ব আৰু সামগ্রিক ইচ্ছাশক্তি।’










