
পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ী বিস্ফোৰণত নিহত হ’ল চাৰিজন। আহতৰ সংখ্যা একাধিক। এক সূত্র মতে, মৃতসকলৰ ভিতৰত তিনিজন চীনা নাগৰিক আছে।
স্থানীয় সংবাদ মাধ্যমৰ সূত্রৰ খবৰ মতে, বিশ্ববিদ্যালয় চৌহদৰ এখন গাড়ীত বিস্ফোৰণ হয়। স্থানীয় সময় দুপৰীয়া আঢ়ৈ বজাত বিশ্ববিদ্যালয়ৰ কনফুচিয়াছ ইনষ্টিটিউটৰ সন্মুখতে উক্ত বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যোৱা হৈছে।
আৰক্ষী সূত্র মতে, বিস্ফোৰণ হোৱা গাড়ীখনত ৭-৮ জনমান লোক আছিল। অৱশ্যে ঠিক কিমানজনৰ মৃত্যু হৈছে সেই সংখ্যা এতিয়াও স্পষ্ট নহয়। কিন্তু মৃতকৰ সংখ্যা বাঢ়িব পাৰে বুলি আশঙ্কা কৰা হৈছে।
কৰাচী আৰক্ষীৰ ডিআইজিয়ে জনাইছে, এখন বগা গাড়ীত লোক কেইজন হোষ্টেলৰ পৰা থেকে কনফুচিয়াছ ইনষ্টিটিউটৰ দিশে গৈ আছিল। বিশ্ববিদ্যালয়ত প্ৰৱেশৰ সময়তে বিস্ফোৰণ হয়। বিস্ফোৰণ কেনেকৈ হ’ল তাৰ তদন্ত চলি আছে।













