কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিশেষ ক্ষমতাসম্পন্ন কমিটি গঠনৰ সিদ্ধান্ত লৈছে। সোমবাৰে দলৰ মুখপাত্র ৰণদীপ সিং সুৰজেৱালাই এই কথা জনাই কয়, ‘‘আগন্তুক দিনৰ ৰাজনৈতিক প্ৰত্যাহ্বানবোৰ মোকাবিলাৰ দায়িত্ব থাকিব এই বিশেষ ক্ষমতাসম্পন্ন কমিটিৰ হাতত।’’
অহা ১৩-১৫ মে’ত ৰাজস্থানৰ উদয়পুৰত কংগ্রেছৰ ‘চিন্তন শিবিৰ’ আয়োজন কৰা হৈছে। তালৈ আমন্ত্রিত প্রায় ৪০০ প্রতিনিধিৰ উপস্থিতিত আনুষ্ঠানিকভাবে কমিটিখন ঘোষণা কৰা হ’ব পাৰে।