![]()
প্ৰকৃতিৰ কিছুমান ক্ৰিয়াকলাপ অদ্ভূত আৰু অবিশ্বাস্য৷ অতিকায় প্ৰাণীৰ পৰা প্ৰাণী জগতৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকালৈ সকলোৰে আছে সুকীয়া মিলনৰ প্ৰক্ৰিয়া৷ মানুহক বাদ দি প্ৰকৃতিৰ সকলো প্ৰাণীয়েই নিজ ইচ্ছা মতে আৰু স্বভাৱজাত মতে মিলনত লিপ্ত হয়৷ ইয়াত অৱশ্যে নাথাকে কোনো কলুষতা বা ব্যাভিচাৰ৷
একমাত্ৰ প্ৰাকৃতিক তাড়নাতেই হয় এই মিলন৷ এইবাৰ তেনে এক বিৰল মিলনৰ দৃশ্যই দেখা গ’ল সাপৰ মাজত৷ দক্ষিণ কামৰূপৰ আমতলাত প্ৰত্যক্ষ কৰা হৈছে এই বিৰল দৃশ্য৷
সাধাৰণতে দেখা সাপৰ মিলনৰ দৃশ্যতকৈ পিছে এই মিলন হৈছে পৃথক৷
লগতে এই মিলনৰ দৃশ্যই সৃষ্টি কৰিছে ৰাইজৰ মনত কৌতুহল আৰু চাঞ্চল্যৰো৷ কিয়নো এডাল দুডাল নহয়, ১৬ডাল সাপৰ মিলনৰ দৃশ্য এয়া৷ হয় দক্ষিণ কামৰূপৰ আমতলাত দেখা গ’ল এনেদৰে ১৬ডালকৈ সাপৰ মিলনৰ দৃশ্য৷ সচৰাচৰ দেখিবলৈ নোপোৱা ইমান কেইডাল কৰ্শলা সাপৰ এই মিলনৰ দৃশ্যই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এখন পাচলি বাগিচাত এই ১৬ডাল সাপে মিলনত লিপ্ত হোৱাৰ এই দৃশ্য এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে৷
আমতলাত পাচলিৰ চাঙত সাপকেইডালে কৰি থকা এই মিলনৰ দৃশ্য দৃশ্য উপভোগৰ বাবে তাত ভিৰ কৰিছেহি উৎসুক ৰাইজে৷ অৱশ্যে এই বিৰল দৃশ্য সাপকেইডালৰ মাজৰ যৌন মিলনৰ নে অন্য কিবা কাৰণত সেয়া সঠিককৈ জানিব পৰা হোৱা নাই৷
সি যিয়েই নহওক ১৬ডাল সাপৰ এনেকুৱা অন্তৰংগ মুহূৰ্ত উপভোগৰ পৰা যেন কোনেও বঞ্চিত হ’ব খোজা নাই৷ সেয়ে আমতলালৈ বৈছে কৌতুহলী জনতাৰ সোঁত৷












