কলিয়াবৰত ৫ কোটি টকাৰ ড্ৰাগছৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলামক আটক কৰিলে কলিয়াবৰ মহকুমা আৰক্ষীয়ে।
লাহৰিজানৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় পথৰে AS-01-AV 3048 বাহনেৰে আনি থকাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰৰ চতিয়ালত জব্দ কৰে প্ৰায় ৮৫০ গ্ৰাম ওজনৰ ড্ৰাগচখিনি। ৭৬টা চাবোনৰ বাকচত ভৰাই বাহনখনৰ ভিতৰত লুকুৱাই আনিছিল উক্ত ড্ৰাগছখিনি।