ডেবিট আৰু ক্রেডিট কার্ডৰ নিয়মত আমূল পৰিবৰ্তন ৰিজার্ভ বেঙ্ক অব ইণ্ডিয়া (আৰবিআই)ৰ। শুক্রবাৰে এই সংক্রান্ত নির্দেশনা প্রকাশ কৰিছে। তাত কোৱা হৈছে, অহা ১ জুলাইৰ পৰা নতুন নিয়ম কার্যকৰী হ’ব।
কোন ধৰণৰ বিত্তীয় সংস্থাই কার্ডৰ সেৱা দিব পাৰিব সেয়া যেনেদৰে নির্দিষ্ট কৰি কোৱা হৈছে, তেনেদৰেই গ্রাহকৰ কার্ডৰ নিয়মাৱলী সন্দৰ্ভত সতর্ক কৰাৰ বিষয়ত কিছু নীতি মানি চলাৰ কথা কোৱা হৈছে। কোনো গ্রাহকে কার্ড এৰি দিব বিচাৰিলে কিমান দ্রুততাৰে সেয়া কৰিব লাগিব বা নকৰিলে কি হাৰত জমনা দিব লাগিব সেয়াও উল্লেখ কৰিছে।
ক্রেডিট কার্ডত অধিক কঠোৰ হৈছে ৰিজার্ভ বেঙ্ক। কোৱা হৈছে, গ্রাহকক কার্ড দিয়াৰ আগতেই সুতৰ হাৰ, জৰিমনাৰ নিয়ম, পৰিমাণ ইত্যাদি লিখিতভাবে জনাব লাগিব। কোনো গ্রাহকৰ কার্ডৰ আবেদন বাতিল কৰা হ’লে তাৰ কাৰণ লিখিতভাবে জনাব লাগিব। কাকো উপযাচি কার্ড দিব নোৱাৰিব।
আনহাতে, কার্ডৰ পৰা ঋণ আৰু অন্যান্য সুযোগ-সুবিধা বঢ়াই দিয়াৰ ক্ষেত্রতো গ্রাহকৰ অনুমতি ল’ব লাগিব। সেয়া নামানিলে বিলৰ দুগুণ পৰিমাণৰ টকা জৰিমনা হিচাবে গ্রাহকক দিবলৈ বাধ্য থাকিব লাগিব। গ্রাহকৰ পৰা প্রাপ্য টকা আদায়ৰ বাবে কোনো তৃতীয় সংস্থাৰ মাধ্যমেৰে হাৰাশাস্তি কৰিব নোৱাৰিব। ইয়াৰ বাবে কার্ডৰ সেৱা আগবঢ়োৱা সংস্থাই নিজস্ব কৰ্মচাৰী ৰাখিব লাগিব।
ইয়াৰ উপৰি আন আন পৰিবৰ্তনবোৰ হৈছে :
১০০ কোটিৰ অধিক সম্পত্তি থকা বাণিজ্যিক বেংকেহে কার্ড দিব পাৰিব। গ্রামীণ বেংকে যৌথভাবে কার্ড প্ৰৱৰ্তন কৰিব পাৰিব স্পনছৰ বেঙ্কৰ সৈতে। নন বেঙ্কিং বিত্তীয় সংস্থাই ৰিজার্ভ বেঙ্কৰ অনুমোদন অবিহনে ক্রেডিট কার্ড প্ৰৱৰ্তন কৰিব নোৱাৰিব।