![]()
দিল্লী কেপিটেলছৰ মেচ পুণেৰ পৰা আঁতৰাই অনা হৈছে মুম্বাইৰ ব্রেবোর্ন ষ্টেডিয়ামলৈ। দিল্লী দলত একাধিক সদস্যৰ কৰোনা হোৱাৰ কাৰণেই এই সিদ্ধান্ত। মিচ্চেল মাৰ্শ্বসহ চাৰিজন কৰোনা আক্রান্ত। হস্পিটেলত ভর্তি কৰোৱা হৈছে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰজনক।
দিল্লী দলৰ বাকীসকলৰ কৰোনা পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহিছে। আজু পুনৰ কৰোনা পৰীক্ষা কৰা হ’ব তেওঁলোকৰ। পঞ্জাব কিংছৰ বিৰুদ্ধে বুধবাৰে মেচ আছে দিল্লীৰ। উক্ত মেচৰ পূৰ্বে পুনৰ কৰোনা পৰীক্ষা কৰা হ’ব সকলোৰে। একাধিক সদস্যৰ কৰোনা ৰিপোর্ট পজিটিভ অহাত মুম্বইৰ পৰা পুণেৰ উদ্দেশ্যে ৰাওনা হোৱা নাই দিল্লী কেপিটেলছ। বুধবাৰৰ মেচ সেই কাৰণে পুণেৰ পৰা মুম্বাইৰ ব্রেবোর্ন ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হয়।

দিল্লী দলৰ বহু কেইজন সদস্য কৰোনাত আক্রান্ত যদিও তেওঁলোকৰ কোনো উপসর্গ নাই। দিল্লীৰ ফিজিঅ’ পেট্রিক ফাৰহার্ট কৰোনাত আক্রান্ত। তেওঁৰ ওচৰত ট্ৰিটমেণ্ট কৰিছিল মাৰ্শ্বে। অনুমান কৰা হৈছে তেওঁৰ পৰাই কৰোনা আক্রান্ত হৈছে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰজন। প্রথম অৱস্থাত উপসর্গ নথকাত তেওঁ আক্রান্ত বুলি ধৰা পৰা নাছিল।













