![]()
বদলিৰ বাবে আবেদন কৰিছিল। ইয়াৰ পিছত ‘বছে’ হেনো কৈছিল, এটি নিশাৰ বাবে তেওঁৰ পত্নীক পঠাবলৈ। সেইটো আৰু কৰিব নোৱাৰে তেওঁ। সেয়ে গাত জুই লগাই আত্মঘাতী হয় উত্তৰ প্রদেশৰ লখিমপুৰৰ বিদ্যুৎ বিভাগৰ এজন কর্মচাৰী। মৃতকৰ পত্নীৰ এই অভিযোগ।
৪৫ বছৰীয়া গোকুল প্রসাদ আছিল পেছাত উত্তৰ প্রদেশৰ বিদ্যুৎ বিভাগৰ লাইনমেন। কামৰ স্থান দূৰৈত হোৱাত বদলিৰ আবেদন লৈ প্রায়েই গৈছিল জুনিয়ৰ ইঞ্জিনিয়াৰ নগেন্দ্র প্রসাদৰ ওচৰলৈ।
অভিযোগ, তেওঁৰ পৰাই প্রস্তাৱ আহে, ‘বদলি লাগে যদি পত্নীক এক ৰাতিৰ বাবে পঠাই দিয়া’। পত্নীৰ উদ্দেশ্যে এনে অসন্মানজনক মন্তব্য মানি ল’ব নোৱাৰি জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰ্যালয়ৰ সন্মুখতেই নিজৰ গাত ডিজেল ঢালি জুই লগাই দিয়ে। প্রাথমিকভাবে নগেন্দ্র আৰু কাৰ্যালয়টোৰ এজন কেৰাণীক নিলম্বন কৰা হৈছে। আৰক্ষীয়ে আত্মহত্যাত প্রৰোচনাৰ এটি গোচৰ ৰুজু কৰিছে।










