![]()
ভাৰতীয় সাহিত্যৰ সৰ্ববৃহৎ সন্মান গ্ৰহণ কৰি কৰিলে কাব্যঋষি নীলমণি ফুকনে। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সোমবাৰে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান গ্ৰহণ কৰি কাব্যঋষি ফুকনে কয়- মোৰ কবিতাৰ বাবে এইয়া এক ওখ খাপৰ স্বীকৃতি। অসমীয়া ভাষাত কবিতা লিখা কবিলৈ সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ। জ্ঞানপীঠ সমিতি লগতে অসম চৰকাৰকো কৃতজ্ঞতা জনাই কবিগৰাকীয়ে।
লিখিতভাৱে মনৰভাৱ প্ৰকাশ কৰি তেওঁ লগতে কয়- চাৰিওফালে হিংসা-নিৰ্বিচাৰ নিৰ্মম, নিৰ্যাতন, নিপীড়ণ হত্যা খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।ধৰ্মান্ধৰ উন্মাদনা, ৰাজনীতিৰ দুৰ্বৃত্তায়ন- দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদূষণ অনিশ্চয়তা দৌৰা-দৌৰি।ভয়ৰ মাজত মোৰলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাস ল’ব পাৰিছে জানো!

‘চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমুৰত থকা হাবি খনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ সৌ তাহানিতে গুৱাহাটী ওলাইছিলোহি। সেউজীয়া স্তব্ধতা, সোণাৰুৰ অকণমান সোণ হালধীয়া লৈ গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ’- লিখিত ভাষ্যত তেওঁ কয়।
উল্লেখ্য যে কাব্যঋষি গৰাকীয়ে ৮ পৃষ্ঠাৰ লিখিত মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত পুত্ৰই পাঠ কৰে কাব্যঋষি গৰাকী লিখিত ভাষণ।
জ্ঞানপীঠ কৰ্তৃপক্ষৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বঁটা। বঁটা গ্ৰহণ কৰি মঞ্চত তেওঁ কয়- ‘মানুহতকৈ কোন আছে, ক’ৰবাত যদি দেৱতা আছে, তেৱোঁ মানুহ, তেৱোঁ মানুহ, তেৱোঁ মানুহ, তেৱোঁ মানুহ সেই দেৱতাৰ সন্মুখত আজি মই থিয় হৈ আছো বা বহি আছো।’













