![]()
ৰামনৱমীৰ সমদলক কেন্দ্ৰ কৰি উত্তাল মধ্যপ্রদেশৰ খাৰগোন চহৰ। অগ্নিসংযোগ কৰা হ’ল ১০টা ঘৰত। এই ঘটনাত এছপি সিদ্ধার্থ চৌধুৰীসহ প্ৰায় ২৪ জন আহত হৈছে। চহৰখনৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে কাৰ্ফিউ।
দেওবাৰে বিয়লি ৰামনৱমী উপলক্ষে খাৰগোনৰ তালাওচক এলেকাৰ পৰা সমদল উলিওৱা হয়। উক্ত সমদলে ৫০০ মিটাৰমান আগবাঢ়োতেই আৰম্ভ হয় সংঘাত। তালাওচকৰ মছজিদ এলেকাৰা যোৱাৰ সময়ত সমদলত উচটনিমূলক গান চলোৱা হৈছিল। তাৰ প্রতিবাদ কৰে এলেকাটোৰ কিছু লোকে। কিছু ভিডিওত দেখা গৈছে, সমদলৰ পৰা মছজিদ আৰু ওচৰ-পাজৰৰ ঘৰলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হৈছে। কোনো দুষ্কৃতিকাৰীয়ে এই কাৰ্য সংঘটিত কৰাৰ আশংকা কৰা হৈছে।
খবৰ পোৱা মাত্ৰকে আৰক্ষী আহি উপস্থিত হয় ঘটনাস্থলীত। খাৰগোনৰ উপায়ুক্তই জনোৱা মতে, বিয়লি পাঁচমান বজাত প্রথম শিলগুটি নিক্ষেপৰ ঘটনা ঘটে। পৰিস্থিতি আয়ত্তধীন কৰিবলৈ লাঠিচার্জ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰা হয়। উল্লেখ্য, এই ঘটনা ঘটাৰ সময়ত শ্রীৰাম জন্মোৎসৱ শোভাযাত্রাত অংশগ্ৰহণ কৰিছিল বিজেপি নেতা কপিল মিশ্রই। তেওঁ টুইটাৰত শোভাযাত্রাৰ ছবি দি লিখে, ‘না মুছা, না বুৰহান, কেৱল জয় শ্রীৰাম। আমাৰ ৰামনৱমী শোভাযাত্রা মধ্যপ্রদেশৰ খাৰগোনৰ পৰা আৰম্ভ।’
ইফালে কপিল মিশ্রক আক্রমণ কৰি টুইটত কংগ্রেছ নেতা দিগ্বিজয় সিঙে লিখিছে, ‘কপিল মিশ্রই য’তেই ভৰি ৰাখে তাতেই কাজিয়া-পেচাল। ইয়াৰে তদন্ত হ’বনে?’ প্ৰত্যুত্তৰ দিয়ে বিজেপি নেতাজনেও। তেওঁ লিখে, ‘কাছভক হিন্দু বোলা লোকজনে পুনৰ মিছা প্রচাৰ কৰিবলৈ লাগিছে। মই য’ত আছিলো, তাত কোনো কাজিয়া হোৱা নাই। আৰু হয়, তদন্ত হ’লে প্রতিটো কাজিয়াত কোনো জেহাদী আৰু তাৰ আঁৰত লুকাই থকা কংগ্রেছীৰ নাম আহিব। খাৰগোনত জেহাদীসকলেই শিলগুটি দলিয়াইছে, জুই জ্বলাইছে আৰু দিগ্বিজয়ৰ দৰে লোকে তেওঁলোকক বচাবলৈ মিছা প্রচাৰ চলাইছে।’













