![]()
অপেক্ষাৰ অন্ত পৰিল! আৰম্ভ হ’ল বিয়াৰ কাউন্টডাউন। ২০১৮ চনত অভিনেত্রী আলিয়া ভাটৰ প্রেমত পৰিছিল অভিনেতা ৰণবীৰ কাপুৰ। এইবাৰ সেই প্রেমৰ সম্পর্কই পৰিণতি লাভ কৰিব মাত্ৰ কেইদিনমান পিছতেই। বি টাউনৰ আগশাৰীৰ দুই তাৰকাৰ বিয়াৰ খবৰত ছচিয়েল মিডিয়াৰ পৰা টিনছেল টাউনৰ সকলোৱেই অতি উচ্ছ্বসিত। ১৪ এপ্রিলত সাত পাকত ঘূৰিব ৰণবীৰ-আলিয়া। ১৩ এপ্রিলত আলিয়াৰ মেহেন্দীৰ অনুষ্ঠান। গাত হালধিসনা অনুষ্ঠান বিয়াৰ দিনা পুৱা সম্পন্ন হ’ব। কিন্তু তাৰ পূৰ্বে ঘনিষ্ঠ সহকর্মী আৰু বন্ধুসকলৰ সৈতে ‘বেচেলৰ পার্টি’ত বহিব ৰণবীৰ।

দেওবাৰেই ৰণবীৰৰ বান্দ্রাৰ ঘৰ ‘বাস্তু’ আলোকসজ্জাৰে সজ্জিত হৈ উঠিছে। সেইদিনাই পাপাৰাৎজিৰ কেমেৰাত বন্দী হৈছে সেই ছবি। ইয়াৰ পিছতেই আলোকসজ্জাৰে সজ্জিত হৈ উঠিছে আৰকে ষ্টুডিও। ৰণবীৰ-আলিয়াৰ বিয়া উপলক্ষে ষ্টুডিও সংলগ্ন গছবোৰো লাইটেৰে সজোৱা হৈছে। মুম্বাইৰ চেম্বুৰৰ আৰকে ষ্টুডিওৰ এই সজোৱা দৃশ্যৰ একাধিক ছবি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।













