![]()
ঝাৰখণ্ডৰ পৰ্যটনস্থলী দেওঘৰৰ ত্রিকূট পাহাৰত ভয়াৱহ ৰোপৱে দুর্ঘটনাৰ ফলত দুই মহিলাৰ মৃত্যু হৈছে। আনহাতে, গুৰুতৰভাৱে আহত হৈছে ১০ জন। আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। দেওবাৰে বিয়লি দুর্ঘটনাটো সংঘটিত হয়। তাৰ পিছৰ পৰা সোমবাৰে দুপৰীয়া পৰ্যন্ত ৪৭ জন উক্ত ৰোপৱেতে ওলমি থাকিবলগা হয়। দুর্ঘটনাৰ খবৰ লাভ কৰি তৎপৰ হৈ পৰে প্রশাসন। ঘটনাস্থলীত গৈ উপস্থিত হয় প্রশাসনিক বিষয়াসকল। উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীও। সেনা আৰু অৰ্ধ সামৰিক বাহিনীকো কামত লগোৱা হয়। উদ্ধাৰকাৰ্যত নামিছে বায়ুসেনাৰ দুখন হেলিকপ্টাৰ।

দেওঘৰত এখন পাহাৰৰ পৰা অন্য পাহাৰলৈ যোৱাৰ বাবে উক্ত ৰোপৱে ব্যৱহাৰ কৰা হয়। পর্যটকসকলৰ বাবে এই ৰোপৱে যাত্রা অতি জনপ্রিয়ও। প্রাথমিক খবৰ অনুযায়ী, দেওবাৰে বিয়লি ত্রিকূট পাহাৰৰ উক্ত ৰোপৱেৰ দুটি ট্রলিত সংঘর্ষ লাগে। তাৰ ফলত দুই পর্যটকৰ মৃত্যু হয়। আৰু ১২খন ট্রলিত আবদ্ধ হৈ পৰে মুঠ ৪৮ জন পর্যটক। তেওঁলোক ওৰে নিশা ৰোপৱেতে ওলমি থাকিবলগা হয়। উদ্ধাৰকাৰ্যত বায়ুসেনাৰ হেলিকপ্টাৰ নামি পৰিছে। কিন্তু প্রবল বতাহৰ বাবে ব্যাহত হৈছে উদ্ধাৰকাৰ্য। সম্প্ৰতি বন্ধ আছে ৰোপৱে সেৱা।













