
পর্যটন উদ্যোগত ৰেকর্ড স্থাপন কাশ্মীৰৰ। চলিত চিজনত উপত্যকাটোত ৩.৫ লক্ষাধিক পর্যটকৰ আগমন ঘটিছে কাশ্মীৰলৈ। কেৱল মার্চ মাহতেই সর্বাধিক পর্যটকৰ সংখ্যা হৈছে ১.৮ লাখ। বিগত ১০ বছৰৰ ৰেকর্ড ভংগ হৈছে মার্চ মাহত। এপ্রিলৰ প্রথম সপ্তাহত ৫৮ হাজাৰোধিক পর্যটক কাশ্মীৰলৈ আহিছে।

পর্যটকৰ বাবে প্রধান আকর্ষণ এছিয়াৰ বৃহত্তম ‘টিউলিপ বাগান’ ২৩ মার্চৰ পৰা দর্শনার্থীসকলৰ বাবে খুলি দিয়া হৈছে। তাৰ পিছৰ পৰাই যেন পর্যটকসকলে আৰু বেছি ভিৰ কৰিছে উপত্যকাটোত। আগন্তুক দুমাহত পর্যটক আৰু বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে কাশ্মীৰ পর্যটন বিভাগে।










