![]()
ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত চলাচল কৰা যাত্ৰীবাহী বাহনৰ ভাড়া ৭০শতাংশ বৃদ্ধি প্ৰস্তাৱ পুনতে নাকচ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যৰ পৰিবহণ আয়ুক্তলৈ ভাড়া বৃদ্ধি প্ৰসংগত বৃহস্পতিবাৰে প্ৰেৰণ কৰিছিল স্মাৰক-পত্ৰ।
যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি প্ৰসংগত শুকুৰবাৰে পৰিবহণ মন্ত্ৰী পাটোৱাৰী কয়-পৰিবহণ সন্থাই ভাড়া বৃদ্ধি কৰিবলৈ আৱেদন জনাইছে কিন্তু আমি মানি লোৱা নাই। বৰ্তমান বৃদ্ধি কৰিব নোৱাৰিব বাছ ভাড়া। ভাড়া বৃদ্ধি আৱেদন কৰা মানেই বৃদ্ধি নহয় ভাড়া।
ইফালে ভাড়া বৃদ্ধি প্ৰসংগত সদৌ অসম মটৰ পৰিবহণ সন্থাই বিশেষ সূত্ৰ উত্থাপন কৰিছে।সূত্ৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়- যোৱাবাৰ বিধানসভাত বিষয়তো আনি বাছভাড়া বৃদ্ধি কৰা হৈছে। বৰ্তমান অস্থায়ীভাৱে পেট্ৰ’ল -ডিজেলৰ দাম বৃদ্ধি হৈছে। সদায় বাঢ়ি নাথাকে, কমিব। পেট্ৰ’ল-ডিজেলৰ দাম কমিলে এতিয়া ভাড়া বৃদ্ধি হ’লে তেতিয়াটো ভাড়া নকমাই। গতিকে বাছভাড়া বৃদ্ধি নহয়।













