![]()
“অৱশেষত যেনিবা মোবাইলৰ টর্চৰ পোহৰতেই অস্ত্রোপচাৰ হয় পত্নীৰ। জন্ম দিয়ে এটি সন্তান। ঘটনাটি অন্ধ্রপ্রদেশৰ নাৰসিপতনমৰ এনটিআৰ হস্পিটেলৰ।”
যেন ‘থ্ৰি ইডিয়টছ’ৰ বাস্তৱ ৰূপ৷ যাওক যাওক, যিমানকেইটা সম্ভৱ মোবাইল ফোন লৈ আহক। পাৰিলে টর্চ লাইট, মমবাতি যি পায় লৈ আহক— একে উশাহে প্রসূতিৰ স্বামীক কথাকেইটা কৈ গ’ল হস্পিটেলখনৰ এগৰাকী নাৰ্ছে। অপাৰেচন থিয়েটাৰৰ টেবুলত তেতিয়া প্রসৱ যন্ত্রণাত ছটফটাই আছিল তেওঁৰ পত্নীয়ে।
নাৰ্ছৰ কথাকেইটা শুনি যেন মূৰতে আকাশী সৰগ ভাগি পৰে ব্যক্তিজনৰ। অন্ধকাৰত ডুব গৈ আছিল সমগ্ৰ হস্পিটেলখন। ইমানবোৰ মোবাইল বা মমবাতি যোগাৰ কৰিব কেনেকৈ? কিন্তু পত্নী-সন্তানৰ জীৱন বিপন্ন হ’ব পাৰে বুলি এক মুহূর্তও নভবাকৈ মোবাইল ফোন যোগাৰ কৰাত ব্যস্ত হৈ পৰে।
বহু কষ্ট কৰি কেইটামান যোগাৰো কৰে। অৱশেষত যেনিবা মোবাইলৰ টর্চৰ পোহৰতেই অস্ত্রোপচাৰ হয় পত্নীৰ। জন্ম দিয়ে এটি সন্তান। ঘটনাটি অন্ধ্রপ্রদেশৰ নাৰসিপতনমৰ এনটিআৰ হস্পিটেলৰ।

বৃহস্পতিবা ৰেনিশা তেতিয়া প্রায় দহটা। প্রসৱ যন্ত্রণা আৰম্ভ হয় সুকন্যাৰ। তেওঁক অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হয়। কিন্তু অস্ত্রোপচাৰৰ কাম আৰম্ভ কৰোতেই হঠাৎ বিদ্যুৎ গুচি যায়! সমগ্ৰ হস্পিটেলজুৰি তেতিয়া এক ভয়ানক পৰিবেশ।
সকলোতকৈ ভয়ানক পৰিস্থিতি সৃষ্টি হৈছিল অপাৰেচন থিয়েটাৰত। আনকি জেনেৰেটৰো নাছিল তাত। সকলো মিলাই এক আতঙ্কৰ পৰিবেশ সৃষ্টি হৈছিল ৰোগীৰ পৰা আৰম্ভ কৰি চিকিৎসকসকলৰ মাজত। তাৰ মাজতে যেনিবা সুকলমে সম্পন্ন হয় সুকন্যাৰ অস্ত্ৰোপচাৰ৷ জন্ম দিয়ে এটি সুস্থ কন্যা সন্তান ৷










