![]()
প্রাথমিকভাবে আৰক্ষীৰ অনুমান, হত্যা কৰি মৃতদেহ লুকুওৱাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে কিশোৰীগৰাকীক ধর্ষণ কৰি হত্যা কৰা হৈছে নেকি, তাৰ তদন্ত কৰিছে আৰক্ষীয়ে
ৰাজস্থানৰ যোধপুৰৰ নিজৰ আশ্রমত এগৰাকী কিশোৰীক ধর্ষণৰ অভিযোগত বিগত চাৰি বছৰ ধৰি জে’লত বন্দী স্বয়ম্ভূ ধর্মগুৰু আছাৰাম বাপু। পুনৰ শিৰোনামত আশাৰামৰ আশ্রম। কিন্তু এইবাৰ ঘটনাস্থলী যোধপুৰ নহয়, উত্তৰ প্রদেশৰ গোণ্ডাৰ নগৰৰ কোটোৱালি এলেকা।
আশাৰামৰ উত্তৰ প্রদেশৰ আশ্রমৰ পৰা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ১৩ বছৰীয়া কিশোৰীগৰাকী যোৱা ৫ এপ্রিলৰ পৰা নিখোঁজ হৈ আছিল। শুক্রবাৰে পুৱা আশ্রমৰ ভিতৰত বহু দিন ধৰি পৰি থকা এখন গাড়ীৰ ভিতৰৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

আশ্রমৰ এগৰাকী কর্মচাৰীয়ে আৰক্ষীৰ ওচৰত দাবী কৰে, গাড়ীৰ ভিতৰৰ পৰা পচা গোন্ধ ওলাইছিল। কিহৰ গোন্ধ সেয়া চাবলৈ গৈ দেখে এগৰাকী কিশোৰীৰ মৃতদেহ। তাৰ পিছতেই তেওঁ আৰক্ষীক খবৰ দিয়ে। এই ঘটনাত জড়িতৰ সন্দেহত আশ্রমৰেই এগৰাকী কর্মচাৰীক আটক কৰিছে আৰক্ষীয়ে।










