![]()
“হঠাৎ তাত আহি এদল কুকুৰৰ আৱির্ভাৱ ঘটে। একেলগে একুৰিৰো অধিক। হঠাৎ দুই ভাই-ভনীৰ ওপৰত আক্ৰমণ চলায় কুকুৰৰ দলটোৱে।”
নিজৰ প্রাণ দি হ’লেও ৰক্ষা কৰিলে ভগ্নীৰ জীৱন। এয়াই যেন ভগ্নীৰ প্ৰতি ভাতৃৰ আদৰ্শ দায়িত্ব৷ ভগ্নীক বচাবলৈ গৈ কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল ককায়েকৰ। বুধবাৰে সন্ধ্যা লক্ষ্ণৌৰ ঠাকুৰগঞ্জৰ মুচাহিবগঞ্জ এলেকাৰ ঘটনা এয়া।
অন্য দিনৰ দৰে বুধবাৰে সন্ধ্যাও ঘৰৰ বাহিৰত ৰাস্তাত ভনীয়েকৰ লগত খেলি আছিল মহম্মদ হায়দৰে। দুয়োজনে তেতিয়া খেলাত মত্ত। হঠাৎ তাত আহি এদল কুকুৰৰ আৱির্ভাৱ ঘটে। একেলগে একুৰিৰো অধিক। হঠাৎ দুই ভাই-ভনীৰ ওপৰত আক্ৰমণ চলায় কুকুৰৰ দলটোৱে।
হঠাৎ কৰা আক্ৰমণত পলোৱাৰ সুযোগে নাপালে শিশু দুটিয়ে। চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণ চলায় কুকুৰৰ দলটোৱে। উক্ত আক্ৰমণৰ মুখত পৰি পাঁচ বছৰীয়া ভগ্নী জান্নাতক প্রাণপণে বচোৱাৰ চেষ্টা কৰি থাকে আঠ বছৰীয়া মহম্মদে। দুই শিশুৰ চিৎকাৰ শুনি যেতিয়া ওচৰ-চুবুৰীয়া ওলাই আহে, তেতিয়ালৈকে ভাই-ভনী দুয়োজনেই কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

হায়দৰ আৰু জান্নাতক উদ্ধাৰ কৰি স্থানীয় কেজিএমইউ ট্রমা চেণ্টাৰলৈ লৈ যোৱা হয়। তাতেই চিকিৎসকে মহম্মদক মৃত ঘোষণা কৰে। মৃত্যুৰ সৈতে বৰ্তমান যুঁজি আছে জান্নাতে।
এই ঘটনাৰ পিছতেই মুচাহিবগঞ্জত বিক্ষোভ প্ৰদৰ্শন কৰে স্থানীয় বাসিন্দাসকলে। মৃত শিশুটিৰ পৰিয়াল আৰু স্থানীয় লোকসকলৰ অভিযোগ, এলেকাটোত পথৰ কুকুৰৰ দৌৰাত্ম্য সন্দৰ্ভত লক্ষ্ণৌ পৌৰ নিগমক একাধিকবাৰ বার্তা দিয়া হয়।










