![]()
চুৰি কৰি উঠি পলোৱাৰ সময়ত নিজে খন্ধা গাঁততেই বন্দী হৈ পৰে চোৰটো। ইয়াকে হয়তো কয়, চোৰকো মোৰে পোৱা বুলি
মন্দিৰৰ দেৱালত ফুটা কৰি এটা চোৰ গর্ভগৃহত প্ৰৱেশ কৰিছিল। কিন্তু চুৰি কৰি ওলোৱাৰ সময়ত সেই ফুটাতেই আবদ্ধ হৈ পৰে চোৰটো। মন্দিৰৰ পুৰোহিতে তাক সেই অৱস্থাত দেখি আৰক্ষীক খবৰ দিয়ে। সম্প্ৰতি ৰঙাঘৰৰ আলহী চোৰটো। বুধবাৰে এই ঘটনাটি ঘটিছে অন্ধ্রপ্রদেশৰ শ্রীকাকুলামৰ জামি এল্লামা মন্দিৰত।

জানিব পৰা মতে, বুধবাৰে নিশা জামি এলাম্মা মন্দিৰৰ দেৱালত কটা ফুটাত এজন ব্যক্তিক আবদ্ধ হৈ থকা দেখে পুৰোহিতে। তেওঁৰ শৰীৰৰ কিছু গর্ভগৃহৰ ভিতৰৰ ফালে আছে। বাকীখিনি বাহিৰত। গর্ভগৃহৰ বাহিৰত বিগ্রহৰ বহুখিনি গহনাও পৰি থকা দেখা পায় তেওঁ। ইয়াৰ পিছত পুৰোহিতে আৰক্ষীক খবৰ দিয়ে।










