![]()
উদ্দেশ্য আছিল নিজে লোৱা টীকাৰ প্ৰমাণ-পত্রৰ বেটছ নম্বৰ টীকা ল’বৰ বাবে অনাগ্রহীসকলক ধনৰ বিনিময়ত বিক্ৰী কৰি দুপইচা উপাৰ্জন কৰা। ভালেই চলিছিল কাৰবাৰ। কিন্তু কাল হ’ল, একেৰাহে দুদিন টীকাৰ লাইনত শাৰী পতা। ধৰা পৰিল ৬০ বছৰীয়া বৃদ্ধ।
পিছত দেখা গ’ল, এটা, দুটা নহয়, একেবাৰে ৯০টা টীকা লৈছে তেওঁ! এবাৰ টীকা লৈ সেই টীকাৰ প্ৰমাণ-পত্রৰ বেটছ নম্বৰ বিক্ৰী কৰি নগদ উপাৰ্জন কৰিছিল।
ঘটনাটি ঘটিছে জার্মানীত। পূব জার্মানীৰ মেগডেবার্গৰ বাসিন্দা বৃদ্ধগৰাকীয়ে সাধাৰণতে একো নকৰে। কিন্তু কৰোনাৰ টীকা আৱিষ্কাৰে যেন তেওঁৰ বাবে অভিশাপে আশীৰ্বাদ হ’ল। কাৰণ জার্মানীসহ প্রথম বিশ্বৰ বহু দেশতেই টীকাত অনাগ্রহীৰ সংখ্যা প্রচুৰ। বৃদ্ধি ডজনে ডজনে টীকা লৈ টীকাৰ প্ৰমাণ-পত্ৰত উল্লেখ থকা বেটছ নম্বৰ টীকা ল’বলৈ অনাগ্ৰহীসকলক নগদ ধনৰ বিনিময়ত বিক্ৰী কৰি আহিছিল। এনেদৰেই বিভিন্ন টীকাকেন্দ্রৰ পৰা কৰোনাৰ টীকা লৈছিল বৃদ্ধজনে, আৰু বেটছ নম্বৰ বিক্ৰী কৰিছিল।
এনেদৰে ব্যৱসায় ভালেই চলিছিল। কিন্তু লোভে পাপ, পাপে মৃত্যু৷ একেৰাহে দুদিন টীকা ল’বলৈ গৈ শাৰী পাতি থকাত তেওঁৰ মুখ চিনি পায় টীকাকৰ্মীসকলে৷ ফলত তেওঁক পৃথকে নি সোধপোছ কৰা হয়। তাতেই ধৰা পৰি যায়, ৯১ বাৰ টীকা ল’বলৈ তেওঁ শাৰী পাতিছে। কিন্তু ধৰা পৰাৰ পিছত তেওঁৰ আৰু টীকা লোৱা নহ’ল।

তেওঁক আৰক্ষীয়ে আটক কৰি কঠোৰ নজৰত ৰাখিছে। তদন্ত শেষ নোহোৱা পর্যন্ত চহৰ এৰিব নোৱাৰিব। তেওঁৰ পৰা উদ্ধাৰ হৈছে টীকা লোৱাৰ ভুৱা কার্ড। জার্মানীৰ সংবাদ সংস্থাৰ সূত্র মতে, তদন্তত প্ৰকাশ পাইছে যে জার্মানীত দিয়া হোৱা সকলো প্ৰকাৰৰ কৰোনাৰ টীকাই লৈছে বৃদ্ধগৰাকীয়ে। আনহাতে, এজন বৃদ্ধই তিনিবাৰৰ ঠাইত ৯০ বাৰ টীকা ল’লে তেওঁৰ শৰীৰত কেনে ধৰণৰ পার্শ্বপ্রতিক্রিয়া হ’ব পাৰে, তাকে লৈয়েই এতিয়া চিন্তিত চিকিৎসক।










