![]()
মৰু ৰাজ্যৰ চিকাৰৰ পৰা সুৰেশ ৰাজধানীৰ যন্তৰ-মন্তৰলৈ আহিছে কেৱল দৌৰি! ৫০ ঘণ্টা সময়ত তেওঁ দৌৰে ৩৫০ কিলোমিটাৰ পথ। তেওঁৰ দৌৰৰ ভিডিও ভাইৰেল হৈছে নেট মাধ্যমত।
নিয়োগ প্ৰক্ৰিয়াত বিলম্বৰ অভিযোগত ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত বিক্ষোভ প্ৰদৰ্শন কৰিছিল চাকৰিপ্রার্থীসকলে। উক্ত সমাবেশত অংশগ্ৰহণ কৰিব বিচাৰিছিল ৰাজস্থানৰ সুৰেশ ভিচাৰে।
অংশগ্ৰহণো কৰে তেওঁ। লগতে তেওঁক কেন্দ্র কৰিয়েই চাকৰি প্রত্যাশীসকলৰ বিক্ষোভ সমগ্ৰ দেশৰ আকর্ষণৰ কেন্দ্রবিন্দুত। কাৰণ মৰু ৰাজ্যৰ চিকাৰৰ পৰা সুৰেশ ৰাজধানীৰ যন্তৰ-মন্তৰলৈ আহিছে কেৱল দৌৰি! ৫০ ঘণ্টা সময়ত তেওঁ দৌৰে ৩৫০ কিলোমিটাৰ পথ। তেওঁৰ দৌৰৰ ভিডিও ভাইৰেল হৈছে নেট মাধ্যমত।
সুৰেশৰ বয়স ২৪ বছৰ। ৰাজস্থানৰ নাগাউৰ জিলাত ঘৰ। ভাৰতীয় সেনাত কাম কৰাৰ সপোন দেখিছিল। কিন্তু দুবছৰ ধৰি নিয়োগ বন্ধ। নাগাউৰ, চিকাৰ, ঝুনুঝুনুৰ যুৱকসকলৰ বয়স বাঢ়ি গৈছে। যুৱকসকলৰ মনোবল যাতে ভাগি নপৰে, তাৰ বাবেই তেওঁ এনেদৰে দৌৰি দিল্লীত উপস্তিত হোৱা বুলি প্ৰকাশ কৰে৷ সুৰেশৰ দৌৰা ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে।









