![]()
এই পর্যন্ত দেশখনত ৬৩৭টা এক্সই সংক্রমণৰ ঘটনা নিশ্চিতভাবে চিনাক্ত কৰা গৈছে। অৱশ্যে সংক্রমণ ক্ষমতা প্রবল হ’লেও কৰোনা ভাইৰাছৰ নতুন প্ৰজাতিটোৰ মাৰণক্ষমতা কম বুলিয়েই প্রাথমিক পর্যবেক্ষণত অনুমান ভাইৰাছ বিশেষজ্ঞসকলৰ একাংশৰ।
ভাৰতত প্রথম সন্ধান লাভ কৰোনা ভাইৰাছৰ অতি সংক্রামক প্ৰজাতি এক্সইৰ। মুম্বাইত এজন আক্রান্তৰ দেহত কোভিড-১৯ৰ নতুন প্ৰজাতিটো চিহ্নিত হোৱা বুলি মহাৰাষ্ট্র চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু বৃহন্মুম্বাই পৌৰসভাই বুধবাৰে জনাইছে।
যোৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থা (হু)ই জনাইছিল, কৰোনা ভাইৰাছৰ এই এক্সই ৰূপটি ওমিক্রনৰ বিএ.২ উপ-প্রজাতিৰ তুলনাত ১০ শতাংশৰো অধিক সংক্রামক। হুৰ বিশেষজ্ঞসকলৰ প্রাথমিক ধাৰণা, ওমিক্রন প্ৰজাতিৰ বিএ.১ আৰু বিএ.২ উপ-প্রজাতিৰ সংমিশ্রণৰ ফলতেই এক্সই প্ৰজাতিৰ উৎপত্তি।











