![]()
ছচিয়েল মিডিয়াত এতিয়াও ট্রেন্ডিং গানৰ তালিকাত সকলোতকৈ আগত আছে ভুবন বাদ্যকৰৰ ‘কাঁচা বাদাম’ গান। বীৰভূমৰ বাদাম বিক্রেতাজনৰ সমগ্ৰ জীবনয়েই সলনি হৈ গ’ল উক্ত গানৰ জৰিয়তে।
কেৱল বংগতে নহয়, দেশ আৰু বিদেশৰ মাটিতো তুমুল জোকাৰণি তুলিছে এই গানটোৱে। বলিউড, টলিউডৰ তাৰকাসকলেও যিটো গানৰ তালত তাল মিলাই নাচিছে। সেই তালিকাযত এইবাৰ যুক্ত হ’ল বলিউডৰ সুন্দৰী মাধুৰী দীক্ষিত। ‘কাঁচা বাদাম’ গানত ৰিল ভিডিওত তেওঁৰ ‘ডান্স পার্টনাৰ’ অভিনেতা ৰীতেশ দেশমুখ।
সম্প্রতি ‘কাঁচা বাদাম’ গানত নৃত্য কৰি ইনষ্টাগ্রামত শ্বেয়াৰ কৰিছে মাধুৰীয়ে। বর্তমান ‘ডান্স দিৱানে’ ৰিয়েলিটি শ্বত বিচাৰকৰ আসনত তেওঁক দেখা গৈছে।
শ্বৰ ছেটত বিভিন্ন গানত ৰিল ভিডিও বনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে তেওঁ। আনকি শ্বলৈ অহা তাৰকা অতিথিসকলৰ সৈতেও ৰিল ভিডিও কৰে মাধুৰীয়ে। তেওঁৰ শেহতীয়া ৰিল ভিডিও ‘কাঁচা বাদাম’ গানত। গানটোত মাধুৰীৰ নৃত্য ভঙ্গিমাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
মাধুরীৰ সৈতে ‘কাঁচা বাদাম’ গানৰ সৈতে নৃত্য কৰি আনন্দ লভিছে ৰীতেশেও। ভিডিওৰ কেপচনত মাধুৰীয়ে লিখিছে, ‘বিৰাট ভাল পাইছো কৰি। ৰীতেশ তোমাক ধন্যবাদ মোক সঙ্গ দিয়াৰ বাবে!’













