![]()
১৯৪৮ চনত ব্রিটিছৰাজৰ পৰা স্বাধীনতা লাভৰ পিছত দক্ষিণ এছিয়াৰ দ্বীপৰাষ্ট্র শ্ৰীলংকাৰ অর্থনীতি কেতিয়াও ইমান শোচনীয় সময়ৰ মাজেৰে যোৱা নাই যায়নি। সুদীর্ঘ চাৰে তিনি দশকৰ গৃহযুদ্ধৰ সময় অত্যধিক সামৰিক খণ্ডত ব্যয়ে শ্রীলঙ্কাৰ অর্থনীতিক চাপত পেলাইছিল। কৰোনা পৰিস্থিতিত পর্যটন উদ্যোগ প্রায় স্তব্ধ হৈ যোৱাৰ প্রভাব পৰিছে বিদেশৰ পৰা অহা আয়ত।
অৱস্থা ইমানেই বেয়া যে, দুখন জাহাজত বাহিৰৰ পৰা তেল আনিলেও, ডলাৰৰ অভাবত সেয়া হাতত পৰা নাই বুলি যোৱা সপ্তাহত জনাইছিল দেশখনৰ পেট্রোলিয়াম মন্ত্রী উদয় গমনপিলাই।
কাগজ, ঔষধ আৰু চিকিৎসা সৰঞ্জাম আমদানি কৰিব নোৱাৰাত চৰকাৰী-বেচৰকাৰী হস্পিটেলবোৰত সৃষ্টি হৈছে অচলাৱস্থা।
বিগত কেইবা দিনো ধৰি অনিয়মিত হৈ পৰিছে বিদ্যুৎ সৰবৰাহ। এই পৰিস্থিতিত শ্রীলঙ্কা চৰকাৰে ঘোষণা কৰিছে, বুধবাৰৰ পৰা ৰাজধানী কলম্বোসহ সমগ্র দেশত দিনত ১০ ঘণ্টা বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব। অর্থাৎ নিশাৰ কলম্বোত ভৰসা এতিয়া মমবাতি।













