![]()
বেঙ্কলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল এগৰাকী ৮৫ বছৰীয়া বৃদ্ধ। অৱশেষত বেঙ্কৰ লকাৰ ৰুমত পোৱা গ’ল প্রায় ১৮ ঘণ্টা পিছত।
হায়দৰাবাদৰ জুবিলি হিলছ ৰোডৰ বাসিন্দা ভি কৃষ্ণ ৰেড্ডি সোমবাৰে বিয়লি ৪.৩০ বজাত পছ বানজাৰা হিল এলেকাৰ ইউনিয়ন বেঙ্কৰ শাখালৈ গৈছিল লকাৰৰ পৰা কিছু সামগ্ৰী সংগ্রহ কৰিবলৈ। ভেৰিফিকেচনৰ পিছত তেওঁক লকাৰ ৰুমৰ ভিতৰলৈ পঠোৱা হয়। সেই সময়ত তেওঁ বুজিব পৰা নাছিল যে বেঙ্ক বন্ধৰ সময় হৈ গৈছে।
আনহাতে, বেঙ্কৰ নিৰাপত্তাৰক্ষীসকলেও তেওঁক লকাৰৰ ভিতৰত লক্ষ্য নকৰাত বেঙ্ক বন্ধ কৰি গুচি যায়। ফলত লকাৰ ৰুমৰ ভিতৰত আবদ্ধ হৈ পৰে বৃদ্ধজন। স্বাভাৱিকতে তেওঁ আতঙ্কিত হৈ পৰে। কিন্তু উপায়ন্তৰ হৈ ওৰে নিশা তাতেই কটাবলগা হয় তেওঁ। তেওঁৰ বার্ধক্যজনিত বহু শাৰীৰিক সমস্যাও আছিল।
ইফালে বহু সময় অতিবাহিত হোৱাৰ পিছতো তেওঁ ঘৰলৈ উভতি নোযোৱাত আৰক্ষীৰ ওচৰত সন্ধানহীন গোচৰ তৰে পৰিয়ালৰ সদস্যসকলে।
আনহাতে, মঙ্গলবাৰে পুৱা বেঙ্ক খোলাৰ পিছতেই প্রায় ১৮ ঘণ্টা পিছত লকাৰ ৰুমৰ পৰা বৃদ্ধগৰাকীক উদ্ধাৰে কৰে এজন নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পিছত তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়।













