![]()
শতাধিক পথৰ কুকুৰক বিষ খুৱাই হত্যাৰ অভিযোগ উঠিল তেলেঙ্গানাৰ এখন গাঁৱত। যোৱা ২৭ মার্চত স্বয়ং গাঁবুঢ়াৰ উদ্যোগতেই উক্ত দুষ্কাৰ্য সংঘটিত কৰা হৈছে বুলি অভিযোগ এক পশু অধিকাৰ আন্দোলন কর্মীৰ। তেওঁৰ অভিযোগৰ ভিত্তিতে উক্ত গাঁওবুঢ়াজনক গ্রেপ্তাৰৰ দাবী তোলে পশুপ্রেমীসকলে। আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰো ৰুজু কৰিছে। আৰম্ভ হৈছে তদন্তও।
ঘটনাটি ঘটিছে তেলেঙ্গানাৰ সিদ্দিপেট জিলাৰ জগদেৱপুৰ মণ্ডলৰ থিগুল গাঁৱত। পশু অধিকাৰ আন্দোলন কর্মীজনৰ অভিযোগ, গাঁওখনৰ গাওঁবুঢ়া আৰু পঞ্চায়ত সচিবৰ নির্দেশতেই কিছু এই কাম কৰা হৈছে। যোৱা দেওবাৰে গাঁওখনৰ ১০০টাৰো অধিক কুকুৰক ধৰি সিহঁতৰ শৰীৰত ইঞ্জেকচনৰ জৰিয়তে বিষ প্রয়োগ কৰে। নেট মাধ্যম ভাইৰেল হোৱা এই সংক্রান্তীয় এটি ভিডিওত দেখা গৈছে তেলেঙ্গানাৰ গাঁওখনত শাৰী শাৰী কুকুৰৰ মৃতদেহ।
পশু অধিকাৰ আন্দোলনৰ কর্মীজনৰ নাম গৌতম। তেওঁ জনাইছে, ঘটনাটিৰ ক্ষেত্ৰত তেওঁ সিদ্দিপেটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰতো অভিযোগ জনাইছে। গাঁওবুঢ়া আৰু সচিবজনক নিলম্বন কৰাৰো অনুৰোধ কৰিছে। অপৰাধ প্রমাণিত হ’লে পশুৰ ওপৰত নিষ্ঠুৰতা দমন আইনত তেওঁলোকৰ দুই-তিনি বছৰ পর্যন্ত কাৰাবাসৰ শাস্তি আৰু জৰিমনা হ’ব পাৰে।













