![]()
বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱ সন্দৰ্ভত পাক সংসদত ভোটৰ পূৰ্বে বৃহৎ আঘাত পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ বাবে। দেওবাৰে অনুষ্ঠিত হ’বলগা ভোটৰ পূৰ্বে ইমৰানৰ সংগ ত্যাগ কৰিলে তেওঁৰ দলৰ প্রধান জোঁটসঙ্গীয়েও।
ইমৰানৰ নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) চৰকাৰৰ প্রধান জোঁটসঙ্গী আছিল মুত্তাহিদা কওমি মুভমেন্ট পাকিস্তান (এমকিউএম)। কিন্তু আধাতেই ইমৰানৰ সংগ এৰি বিৰোধী দল পাকিস্তান পিপলছ পার্টিৰ (পিপিপি) সৈতে চুক্তি কৰিলে এমকিউএমে।
পিপিপি চেয়াৰমেন বিলাৱাল ভুট্টো জাৰদাৰিয়ে এক টুইট বার্তাত জনায়, ‘ইতিমধ্যে ঐক্যবদ্ধ বিৰোধী জোঁট আৰু এমকিউএমে নিজৰ মাজত এক চুক্তি কৰিছে।
ৰাবতা কমিটিয়ে এমকিউএম আৰু পিপিপি নেতৃত্বাধীন ঐক্যবদ্ধ বিৰোধী জোঁটৰ মাজৰ চুক্তি অনুমোদন কৰিব। আমি বুধবাৰে এক সংবাদমেলত বিষয়টি সন্দৰ্ভত বিস্তাৰিতভাৱে জনাম। পাকিস্তানক অভিনন্দন।’
এমকিউএমে বিৰোধী দলৰ সৈতে হাত মিলোৱাৰ পিছত ঐক্যবদ্ধ বিৰোধী দলৰ পক্ষত সংসদ সদস্যৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১৭৭।
ইমৰানৰ সমর্থনত আছে ১৬৪ জন সদস্য। অনাস্থা ভোটত ইমৰানক পৰাস্ত কৰিবলৈ ১৭২ জন সদস্যৰ ভোটৰ প্রয়োজন বিৰোধীক। অর্থাৎ, সংখ্যাৰ এই সমীকৰণ ঠিকে থাকিলে ইমৰানৰ চৰকাৰ গাদীচ্যুত হ’ব। অন্তিম মুহূর্তত নাটকীয় কোনো পট পৰিবর্তন নহ’লে ইমৰানৰ চৰকাৰৰ অনাস্থা ভোটত পৰাজয় প্রায় নিশ্চিত বুলিয়েই অনুমান কৰিছে বিশেষজ্ঞসকলেও।













