নিউজ ডেস্কঃ
দিল্লী বিমানবন্দৰত টার্মিনেলৰ পৰা ৰানৱেলৈ লৈ যোৱাৰ সময়ত দুর্ঘটনাৰ সন্মুখীন হয় এখন যাত্রিবাহী বিমান। সোমবাৰে দিল্লীৰ পৰা জম্মুগামী এখন স্পাইচ জেট বিমান এই দুর্ঘটনাৰ সন্মুখীন হয়। ৰানৱেৰ দিশে যোৱাৰ সময়ত এটি বৈদ্যুতিক খুঁটাৰ সৈতে খুন্দা লাগে বিমানখনৰ। সেই সময়ত বিমানখনত যাত্রী আছিল। সংঘর্ষৰ ফলত বিমানখন ক্ষতিগ্রস্ত হয়। বিমানৰ এটাফালৰ ডেউকাৰ ক্ষতি হয়। খুন্দা খাই ভাঙি পৰে বৈদ্যুতিক খুঁটাটোও। অৱশ্যে ইয়াৰ ফলত যাত্রীসকলৰ কোনো ক্ষতি হো ৱানাই বুলি জানিব পৰা গৈছে।
পিছত বিমানখনক সুৰক্ষিত স্থানলৈ নি মেৰামতি কৰা বুলিও জানিব পৰা গৈছে। বিমানখনৰ যাত্রীসকলক অন্য এখন অন্য বিমানেৰে পঠোৱা হয়।
বিষয়টো সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হোৱা বুলিও বিমানবন্দৰৰ এজন বিষয়াই জনাইছে।
স্পাইচ জেটৰ এজন মুখপাত্রই জনোৱা মতে, ‘‘সোমবাৰে স্পাইচ জেট ফ্লাইট এছজি ১৬০ দিল্লীৰ পৰা জম্মুৰ পথলৈ উৰা মাৰিবলৈ ৰানৱেৰ ফালে যোৱাৰ সময়ত বিমানখনৰ সোঁফালৰ ডেউকাৰ পিছফালৰ সৈতে এটি খুঁটাৰ খুন্দা লাগে। যাত্রীসকলৰ বাবে অন্য এখন বিমানৰ ব্যৱস্থা কৰা হয়।’’ অৱশ্যে এই ঘটনাত কোনো আহত হোৱা নাই।