নিউজ ডেস্কঃ
দ্বিতীয়বাৰৰ বাবে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হিচাবে শপত ল’লে যোগী আদিত্যনাথে। শুক্রবাৰে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত শপত গ্ৰহণ কৰে তেওঁ। যোগীক শপতবাক্য পাঠ কৰায় উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে। প্রায় ৮৫ হাজাৰ লোকৰ উপস্থিতিত বর্ণাঢ্য এই সভাত বলিউডৰ উপস্থিতি চাবলগীয়া। অক্ষয় কুমাৰৰ পৰা কঙ্গনা ৰানাৱাট, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্রীৰ পৰা অনুপম খেৰ, তেওঁলোকৰ উপস্থিতিত দ্বিতীয়বাৰ উত্তৰ প্রদেশৰ মচনদত বহাৰ শপত লয় যোগীয়ে।
এইবাৰো যোগীৰ কেবিনেটত আছে দুজন উপ-মুখ্যমন্ত্রী। নিৰ্বাচনত পৰাস্ত হ’লেও কেশৱপ্রসাদ মৌর্য হৈছে উপ-মুখ্যমন্ত্রী। আনহাতে, বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও বিধান পৰিষদৰ জৰিয়তে উপ-মুখ্যমন্ত্রী হৈছে দীনেশ শর্মা। যোৱাবাৰ উক্ত পদত থকা ব্রজেশ পাঠকক এইবাৰ উপ-মুখ্যমন্ত্রিত্ব দিয়া হোৱা নাই। উল্লেখ্য, উত্তৰ প্রদেশৰ ৪০৩ বিধানসভা আসনৰ ভিতৰত ২৫৫খন আসন লৈ দ্বিতীয়বাৰ আৰম্ভ হ’ল ‘যোগী ৰাজ’।