নিউজ ডেস্কঃ
ক্ষমতালৈ উভতিয়েই উত্তৰ প্রদেশৰ সকলো মাদ্রাছাত পাঠদানৰ পূৰ্বে ৰাষ্ট্ৰীয় সঙ্গীত বাধ্যতামূলক কৰাৰ নির্দেশ দিলে যোগী আদিত্যনাথৰ চৰকাৰে।
ৰাজ্যখনৰ মাদ্রাছা শিক্ষা বোর্ডৰ বৈঠকত প্রতিখন মাদ্রাসাৰ দৈনিক প্রার্থনাত শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বাধ্যতামূলকভাবে ৰাষ্ট্ৰীয় সঙ্গীত গাব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে। আগন্তুক শিক্ষাবর্ষৰ পৰাই কার্যকৰী হ’ব এই সিদ্ধান্ত।
উল্লেখ্য, পূৰ্বতে নৰেন্দ্র মোদী চৰকাৰে দেশৰ সকলো প্রেক্ষাগৃহত চিনেমা-নাটক আৰম্ভণিৰ পূৰ্বে ‘জন গণ মন’ বাধ্যতামূলক কৰাৰ নির্দেশনা জাৰি কৰিছিল। দেশৰ সকলো শিক্ষা প্রতিষ্ঠানতে একেই নিয়ম কার্যকৰী কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল। কিন্তু দেশজুৰি বিতর্ক আৰু ২০১৮ৰ জানুৱাৰীত ছুপ্রিম কোর্টৰ ৰায়ৰ ফলত সেয়া প্রত্যাহাৰ কৰা হয়।