নিউজ ডেস্কঃ
অলপমান ইফাল সিফাল হোৱা মানেই চলন্ত ৰে’লৰ তলত সোমাই নিশ্চিত মৃত্যু৷ কিন্তু সেই অৱধাৰিত মৃত্যুৰ মুখৰ পৰা এজন যাত্রীক বচালে আৰপিএফ জোৱানে। পঞ্জাবৰ পাটিয়ালাৰ উক্ত ঘটনাটি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল।
প্ৰকাশিত ভিডিওটোত দেখা গৈছে, ব্যক্তিজন চলন্ত ৰে’লত উঠিবলৈ যাওঁতেই ঘটে বিপত্তি। ভৰি পিছলি পৰি যায় তেওঁ। দ্রুতগতিত তেতিয়া ৰে’লখন আগবাঢ়িছে। ৰে’লৰ ভিতৰত থকা এজন ব্যক্তিৰ সহায়ত প্লেটফর্ম আৰু ৰে’লৰ মধ্যৱর্তী ফাঁকত ঘঁহনি খাই খাই আগবাঢ়িছিল ব্যক্তিজনো। এজন ব্যক্তিয়ে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও ব্যর্থ হয়। তেতিয়াই তাত উপস্থিত হয় আৰপিএফ কনিষ্টবল ৰঘুবীৰ সিং। তেৱোঁ দৌৰিবলৈ আৰম্ভ কৰে ৰে’লখনৰ লগে লগে। অৱশেষত তেওঁৰ চেষ্টাতেই মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ব্যক্তিজন।
নেটিজেনসকল আৰপিএফ জোৱানজনৰ প্রশংসাত পঞ্চমুখ হৈছে। আনহাতে, তেনেদৰে ৰে’লত উটাৰ চেষ্টা কৰা ব্যক্তিজনক তিৰস্কাৰো কৰিছে বহুতে।