নিউজ ডেস্কঃ
একালত শিশুসকলক টোপনি নিয়াবলৈ ককা-আইতাই সাধু ক’ব লাগিছিল বা নিচুকনি গীত গাবলগা হৈছিল। ইয়াৰ পিছত বিজ্ঞানৰ অগ্রগতি হ’ল৷ শিশুসকলে ৰেডিও, টিভিত গান শুনিলে, চালেহে টোপনি অহা হ’ল। বৰ্তমান স্মার্টফোনৰ যুগ। শিশুসকলো স্মার্ট। স্মার্টফোন হাতত নাপালে শুবলৈয়েই যাব নিবিচাৰে, টোপনিতো দূৰৈৰে কথা। বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি ৰাজ্যিক মন্ত্রী ৰাজীৱ চন্দ্রশেখৰে সংসদত লিখিতভাবে জনাইছে, এই মুহূর্তত দেশৰ ২৩.৮ শতাংশ শিশুই টোপনি যোৱাৰ পূৰ্বে বিছনাত শোৱে স্মার্টফোন লৈহে। আৰু স্মার্টফোন ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ মাজৰ ৩৭.১৫ শতাংশৰ মনোসংযোগৰ সমস্যা হৈছে।
অতিমাৰিৰ সময়ত স্মার্টফোনত ব্যস্ত থকাৰ ফলত শিশুসকলৰ মাজত ইণ্টাৰনেটৰ প্রতি আসক্তি বাঢ়িছে নেকি, উক্ত প্রশ্ন কৰা হৈছিল সংশ্লিষ্ট মন্ত্ৰালয়ক। তাৰ উত্তৰত চন্দ্রশেখৰে জনায়, মন্ত্ৰালয়ৰ হাতত ইণ্টাৰনেট ব্যৱহাৰ সংক্রান্তীয় তথ্য নাই। কিন্তু নেচনেল কমিছন ফৰ প্রটেকচন অব চাইল্ড ৰাইটছৰ এক সমীক্ষা দাঙি ধৰা হয়। উক্ত সমীক্ষা মতে, বিছনাত থকা অৱস্থাত ২৩.৮০ শতাংশ শিশুই স্মার্টফোন খুঁচৰি থাকে। এই অভ্যাস বয়সৰ লগে লগে বাঢ়ি গৈ থাকে। যাৰ ফলত অমনোযোগী হৈ পৰে ৩৭.১৫ শতাংশ।