নিউজ ডেস্কঃ
কৰফাঁকিৰ অভিযোগ উঠিল হিৰো মোটোকর্পৰ বিৰুদ্ধে। দেশৰ সৰ্ববৃহৎ দুচকীয়া বাহন প্রস্তুতকাৰী কোম্পানীটোৰ কর্ণধাৰ পৱন মুঞ্জলসহ কোম্পানীটোৰ একাধিক ঠিকনাত অভিযান চলালে আয়কৰ বিভাগৰ কর্মচাৰীয়ে। গুৰুগ্রাম, হাৰিয়ানা, দিল্লীসহ বহুকেইখন চহৰত থকা পৱন মুঞ্জলৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলায় আয়কৰ বিভাগৰ কর্মচাৰীয়ে। আয়কৰ বিভাগৰ সূত্র মতে, কোম্পানীটোৰ মূখ্য কাৰ্যালয়ৰ লগতে অধ্যক্ষ পৱন মুঞ্জলসহ হিৰো মোটোকর্পৰ শীর্ষ বিষয়াসকলৰ বাসভৱনতো তালাচী চলোৱা হৈছে। কিন্তু সঠিক কি কাৰণত তালাচী চলোৱা হৈছে সেই সন্দৰ্ভত চৰকাৰীভাবে এতিয়াও একো বিবৃতি দিয়া নাই আয়কৰ বিভাগে।
কিন্তু আয়কৰ বিভাগৰ সূত্র মতে, হিৰো মোটোকর্পৰ ফালে বহু দিন ধৰিয়েই দৃষ্টি আছিল আয়কৰ বিভাগৰ। কোম্পানীটোৰ উপাৰ্জন আৰু প্ৰদান কৰা কৰৰ হিচাবত খেলিমেলিৰ অভিযোগ আছে। অৱশ্যে হিৰোৰ তৰফৰ পৰাও এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই।