নিউজ ডেস্কঃ
বিগত দুটা বছৰ ধৰি জাৰি হৈ থকা কোভিডবিধিবোৰ অহা ৩১ মার্চৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত কেন্দ্রৰ। অৱশ্যে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব পূৰ্বৰ দৰেই থাকিব বুলি কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ।
কেন্দ্রীয় গৃহসচিব অজয় ভাল্লাই এই সন্দৰ্ভত কয়, “৩১ মাৰ্চলৈকে বাহাল থকা কোভিড সংক্রান্তীয় বাধা-নিষেধবোৰত আৰু নতুন কোনো নির্দেশনা জাৰি কৰ নহ’ব। কিন্তু মাস্ক, হাত ধোৱা আৰু সামাজিক দূৰত্বৰ দৰে বিষয়বোৰ আগৰ দৰেই থাকিব। লগতে পৰিস্থিতি কেতিয়া কোন দিশলৈ যায় তাৰ প্ৰতি জনসাধাৰণক গুৰুত্ব দিয়াৰ পৰামর্শ দিয়া হৈছে।”
উল্লেখ্য, দেশত কৰোনা ভাইৰাছ সংক্রমণৰ পিছত ২০২০ চনৰ ২৪ মার্চত কোভিডবিধি সংক্রান্তীয় প্রথম নির্দেশনা কেন্দ্রীয় চৰকাৰে জাৰি কৰিছিল। তাৰ পিছত প্ৰয়োজন অনুসৰি সময়ে সময়ে উক্ত নির্দেশনা সলনি কৰাৰ লগতে নতুন কোভিডবিধিও জাৰি কৰা হৈছে।