নিউজ ডেস্কঃ
বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত ৰাজধানী হৈছে আমাৰ দেশৰ ৰাজধানী দিল্লী৷ আনহাতে, বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০০ খন চহৰৰ ভিতৰত ৬৩খনেই ভাৰতত। ছুইছ সংস্থা IQAir-ৰ ৱর্ল্ড এয়াৰ কোৱালিটি ৰিপোর্ট অনুযায়ী, ভাৰতৰ গড় বায়ু প্ৰদূষণ ৫৮.১ মাইক্রোগ্রামছ প্রতি কিউবিক মিটাৰ৷ এই মান বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্ধাৰিত মানতকৈ ১০ গুণৰো বেছি।
ৰাজধানী হিচাবে সমগ্ৰ বিশ্বৰ শীৰ্ষ প্ৰদূষিত ৰাজধানী দিল্লী। যোৱা বছৰতকৈ দিল্লীৰ প্ৰদূষণ বৃদ্ধি পাইছে ১৫ শতাংশ৷ আনহাতে, হুৰ নিৰ্ধাৰিত মানতকৈ দিল্লীৰ প্ৰদূষণ মান ২০ গুণ বেছি। অৱশ্যে চহৰ হিচাবে দিল্লীৰ স্থান বিশ্বৰ ৪ নম্বৰত। শীৰ্ষত আছে ৰাজস্থানৰ ভিৱাড়ি। অৰ্থাৎ নতুন ৰিপোর্ট অনুযায়ী ভিৱাড়িয়েই হৈছে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ। দ্বিতীয় স্থানত উত্তৰ প্রদেশৰ গাজিয়াবাদ আৰু তৃতীয় স্থানত চীনৰ হোটান চহৰ। উক্ত তালিকাৰ শীৰ্ষ ১৫ প্ৰদূষিত চহৰৰ ভিতৰত ১০খন ভাৰতৰ, এখন চীনৰ আৰু চাৰিখন পাকিস্তানৰ৷ আনহাতে, ১০০খন প্ৰদূষিত চহৰৰ তালিকাত থকা ভাৰতৰ ৬৩খন চহৰৰ আধাতকৈও বেছি হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ।