নিউজ ডেস্কঃ
মাইক্রোৱেভ অভেনৰ ভিতৰৰ পৰা এটি দুমহীয়া শিশুকন্যাৰ মৃতদেহ উদ্ধাৰ হ’ল দক্ষিণ দিল্লীৰ চিৰাগ দিল্লী এলেকাত। যোৱা জানুৱাৰী মাহত জন্ম হৈছিল শিশু অনন্যাৰ। সোমবাৰে পুৱাৰ পৰাই নিখোঁজ হৈ আছিল শিশুটি। তাৰ পিছত বিয়লি তিনি বজাত ঘৰৰেই মাইক্রোৱেভ অভেনৰ ভিতৰত উদ্ধাৰ হয় শিশুটিৰ নিথৰ দেহ।
দক্ষিণ দিল্লীৰ উপ-আৰক্ষী অধীক্ষক বেনিটা মেৰী জয়কাৰে জনোৱা মতে, শিশুটিৰ পিতৃৰ নাম গুলচন কৌশিক, মাতৃ ডিম্পল কৌশিক। এই ঘটনাত প্রাথমিকভাবে শিশুটিৰ মাতৃকেই সন্দেহ কৰা হৈছে। দম্পতিহালক আৰক্ষীয়ে জেৰা কৰিছে।
স্থানীয় সূত্র মতে, অনন্যাৰ জন্মৰ পিছৰ পৰাই স্বামী-স্ত্রীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। দম্পতিহালৰ চাৰি বছৰীয়া এটি পুত্র সন্তানো আছে। সোমবাৰে ঘৰৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি দিয়ে ডিম্পলে। বহু সময় ধৰি কোনো সঁহাৰি নোপোৱাত ডিম্পলৰ শাহুৱেকে বিষয়টি প্রতিবেশীসকলক জনায়। প্রতিবেশীয়েই তেতিয়া আৰক্ষীক খবৰ দিয়ে।
আৰক্ষী আহি দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। তাত দেখে ডিম্পল অচেতন অৱস্থাত মজিয়াত পৰি আছে। কিন্তু শিশুটিৰ কোনো সন্ধান পোৱা হোৱা নাছিল। তেতিয়া প্রতিবেশীসকলেই ঘৰৰ চাৰিওফালে তন্ন তন্নকৈ বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিন্তু অনন্যাৰ কোনো সাৰ-সুৰ তেওঁলোকে নাপায়। ইয়াৰ পিছতেই দুই মহলাত এটি কোঠাৰ ভিতৰত ৰখা মাইক্রোৱেভ অভেন তচকু পৰাৰ লগে লগেই চক খাই উঠে প্রতিবেশীসকল। মাইক্রোৱেভ অভেন খুলোতেই অনন্যাৰ নিথৰ দেহ উদ্ধাৰ হয়।
প্রাথমিকভাবে আৰক্ষীৰ অনুমান, কন্যা সন্তান জন্মৰ বিষয়টোক লৈ মহিলাগৰাকীক কথা শুনোৱা হৈছিল। স্বামীৰ সৈতে অশান্তি হৈছিল মাজে-সময়ে। এই ঘটনাত ডিম্পলৰ স্বামীৰ ঘৰৰ কিবা ভূমিকা আছে নেকি, সেয়াও অনুসন্ধান কৰিছে আৰক্ষীয়ে।