নিউজ ডেস্কঃ
সাম্প্রদায়িক সম্প্রীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে বিহাৰৰ এটি মুছলিম পৰিয়ালে। বিহাৰত নিৰ্মাণ হ’বলগীয়া বিশ্বৰ বৃহত্তম মন্দিৰ নির্মাণৰ বাবে আঢ়ৈ কোটি মূল্যৰ ব্যক্তিগত ভূমি দান কৰিলে এই মুছলিম পৰিয়ালটোৱে। বৰ্তমান বিহাৰৰ পূব চম্পাৰণ জিলাত বাস কৰা পৰিয়ালটো প্ৰকৃততে গুৱাহাটীৰ। পূব চম্পাৰণ জিলাৰেই কাইথৱালিয়াত নিৰ্মাণ হ’ব বিশ্বৰ বৃহত্তম ‘বিৰাট ৰামায়ণ মন্দিৰ’।
মন্দিৰ নির্মাণ প্রকল্পৰ সৈতে জড়িত হৈ আছে মহাবীৰ মন্দিৰ ট্রাষ্ট৷ উক্ত ট্ৰাষ্টৰ প্রধান আচার্য কিশোৰ কুণালে জনোৱা মতে, ইস্তিয়াক খান নামৰ ব্যৱসায়ীজনে মন্দিৰটো নির্মাণৰ বাবে পৰিয়ালটোৰ আঢ়ৈ কোটি টকা মূল্যৰ ভূমি দান কৰিছে। এই ঘটনাটো সাম্প্রদায়িক সম্প্রীতিৰ অন্যতম উদাহৰণ বুলিও কুণালে প্ৰকাশ কৰে।
ইতিমধ্যে ভূমিদানৰ প্ৰয়োজনীয় সকলো প্রক্রিয়া শেষ হৈছে৷ উল্লেখ্য, উক্ত মুছলিম পৰিয়ালটো আগবাঢ়ি নাহিলে মন্দিৰ নির্মাণ প্রকল্প আগবঢ়াই নিয়াটো সম্ভৱ নহ’লহেঁতেন বুলিও কিশোৰ কুণালে জনাইছে।